'হিম-পৰা গধূলি হাবিৰ মাজত ৰোৱা'
ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা
অনুবাদ: অজিৎ বৰুৱা
এই হাবি
কাৰ মই বোধকৰোঁ জানো।
তেওঁৰ ঘৰ এই গাঁৱতে যদিও;
তেওঁৰ হাবিখন হিম পৰি ভৰি উঠা
চাম বুলি মই ৰোৱা তেওঁ নেদেখিব।
মোৰ সৰু
ঘোঁৰাটোৱে আচহুৱা পাব
কাষত পমুৱা ঘৰ নথকা সত্ত্বেও
হাবি আৰু গোটমৰা পুখুৰীৰ মাজৰ ঠাইতে
বছৰৰ আটাইতকৈ আন্ধাৰ গধূলি বৈ পৰা।
যি তাৰ
লেকামৰ ঘণ্টাবিলাকত জোঁকাৰণি তোলে
কিবা ভুল হ'ল নেকি তাকে সুধিবৰ বাবে।
একমাত্ৰ অন্য শব্দ বতাহৰ আৰু
সৰু সৰু নোম যেন হিমৰ অনায়াস দোলনৰ!
হাবিবোৰ
ধুনীয়া, আন্ধাৰ আৰু ঘন
কিন্তু মোৰ আছে কথা ৰাখিবলে'
আৰু বহুদূৰ যাবলৈ শোৱাৰ আগেয়ে
বহুদূৰ যাবলৈ শোৱাৰ আগেয়ে।

0 Comments